Enajori Barpeta

Enajori Barpeta Enajori Barpeta is a Team of people who have been in a bond of friendship since childhood. Enajori Barpeta is a unit of Barpeta Enajori Society.

ছপা সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশিত 'এনাজৰী সন্মান, ২০২৬' ৰ সংবাদ । ( সন্মানীয় সংবাদ দাতাসকললৈ আন্তৰিক ধন্যবাদ।)
17/08/2026

ছপা সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশিত 'এনাজৰী সন্মান, ২০২৬' ৰ সংবাদ ।

( সন্মানীয় সংবাদ দাতাসকললৈ আন্তৰিক ধন্যবাদ।)

15/08/2026

|| বিশিষ্ট ক্ৰীড়া সংগঠক অশ্বিনী কুমাৰ দাসলৈ 'এনাজৰী সন্মান, ২০২৬' ||

১৫ আগষ্ট, বৰপেটা :
বৰপেটা নিবাসী একালৰ প্ৰখ্যাত খেলুৱৈ, ৰেফাৰী তথা বৰ্তমানৰ ক্ৰীড়া প্ৰশিক্ষক আৰু সংগঠক অশ্বিনী কুমাৰ দাসক এনাজৰী, বৰপেটাৰ তৰফৰ পৰা 'এনাজৰী সন্মান, ২০২৬' প্ৰদান কৰা হয়। এখনি প্ৰশস্তি পত্ৰ, এখনি চেলেং চাদৰ, এটা স্মাৰক আৰু অন্যান্য উপহাৰ সন্নিৱিষ্ট 'এনাজৰী সন্মান' গ্ৰহণ কৰি অশ্বিনী কুমাৰ দাসে তেখেতৰ দীৰ্ঘ ভাষণত ক্ৰীড়া ক্ষেত্ৰখনত বিশেষকৈ ভলীবল জগতৰ সৈতে জড়িত হোৱাৰ বিশদ ব্যাখ্যা আগবঢ়ায়। ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টৰ বিয়লি বৰপেটা সাহিত্য সভা ভৱনত লোকসংস্কৃতিৰ সাধক ডিম্বেশ্বৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাখনত উপস্থিত থাকি ক্ৰীড়া সংগঠক ৰাণা দাসৰ লগতে ৰাষ্ট্ৰীয় ৰেফাৰী তথা বিশিষ্ট ক্ৰীড়া সংগঠক লাবণ্য কুমাৰ ৰায়চৌধুৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ অশ্বিনী কুমাৰ দাসৰ অনবদ্য অৱদানৰ ভিন্ন দিশত আলোকপাত কৰে। বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা শিক্ষাবিদ, লেখক ৰঞ্জিত কুমাৰ কলিতাই ক্ৰীড়াবিদগৰাকীৰ অৱদানৰ বিষয়ে আলোচনা কৰাৰ লগতে এনাজৰী বৰপেটাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। বঁটা প্ৰদান পৰ্বৰ পূৰ্বে এনাজৰী বৰপেটাৰ সদস্য দীপাংকৰ দাসে 'এনাজৰী বৰপেটা আৰু 'এনাজৰী সন্মান'ৰ বিষয়ে চমুকৈ বৰ্ণনা কৰে।
এনাজৰীৰ আন এগৰাকী সদস্য ৰাজকুমাৰ দাসে আঁত ধৰা সভাখনত স্বনামধন্য সাহিত্যিক গোবিন্দ তালুকদাৰ, বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি মহানন্দ পাঠক, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰমথ ৰঞ্জন দাস, গল্পকাৰ চিত্তৰঞ্জন ওজা, ক্ৰীড়া প্ৰশিক্ষক ধৰিত্ৰী দাসকে ধৰি কেইবাগৰাকীও গুণী মানী ব্যক্তি উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধিৰ লগতে বঁটা প্ৰাপকৰ সৈতে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰে। সভাখনত কণ কণ শিশুৰ গীত মাতৰ পৰিৱেশনে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। দিপাংকৰ দাসে (জ্যেষ্ঠ) শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত উপস্থিত সুধীবৃন্দৰ জাতীয় সংগীত পৰিৱেশনেৰে সভাখনৰ সামৰণি পৰে। উল্লেখ্য যে বৰপেটাৰ এক সামাজিক অনুষ্ঠান এনাজৰী বৰপেটাই বিগত বৰ্ষসমূহতো স্বাধীনতা দিৱসৰ বিশেষ দিনটোতেই বিশিষ্ট ব্যক্তি ক্ৰমে লোকসংগীতৰ সাধক গোকুল পাঠক, শংকৰী সংস্কৃতিৰ সাধক, শিক্ষক বীৰেন্দ্ৰ নাথ পাঠক, গীতিকাৰ, শিল্পী সুশীল দাস, বিশিষ্ট ক্ৰীড়াবিদ - সংগঠক লাৱণ্য ৰায়চৌধুৰী, লোকগীতৰ শিল্পী দুগ্ধনাথ হাজৰিকা, সাহিত্যিক জ্ঞানৰঞ্জন দাস আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিদেৱ পাঠকক এই সন্মানেৰে বিভূষিত কৰিছিল।

|| নিমন্ত্ৰণী শৰাই ||
15/08/2026

|| নিমন্ত্ৰণী শৰাই ||

সত্ৰ জিলা মাজুলীৰ বেঙেনাআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বাপজনালৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্ত।স্থান : বট...
25/05/2026

সত্ৰ জিলা মাজুলীৰ বেঙেনাআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বাপজনালৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্ত।

স্থান : বটদ্ৰৱা থান।
তাৰিখ : ২৪ মে', ২০২৬।

|| এনাজৰী বৰপেটাৰ বিহুৰ ওলগ ||এনাজৰী বৰপেটাৰ তৰফৰ পৰা বিহু উপলক্ষে পহিলা ব'হাগৰ দিনাখন বিয়লি বেলা গীত পৰিৱেশনেৰে জীৱন ন...
16/04/2026

|| এনাজৰী বৰপেটাৰ বিহুৰ ওলগ ||

এনাজৰী বৰপেটাৰ তৰফৰ পৰা বিহু উপলক্ষে পহিলা ব'হাগৰ দিনাখন বিয়লি বেলা গীত পৰিৱেশনেৰে জীৱন নিৰ্বাহ কৰা বিশেষভাৱে সক্ষম চন্দন বৈশ্যক ৰঙালী বিহুৰ ওলগ যচা হয়। উল্লেখ্য যে নলবাৰী জিলাৰ টিহুৰ মাখিবাহাৰ বাসিন্দা বৈশ্যই দৈনিক ৰেলেৰ গুৱাহাটীলৈ গৈ গীত পৰিৱেশন কৰাৰ উপৰিও উৎসৱে পাৰ্বণে বৰপেটালৈ আহি কৰাপাটৰ সন্মুখত গীত গাই ৰাইজৰ পৰা পোৱা ধন বিতেৰে পৰিয়ালটিৰ পোহপাল দি আহিছে। আজি দুপৰীয়া বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত অনুষ্টুপীয়াকৈ আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানটোত জন্মান্ধ শিল্পীগৰাকীলৈ বিহুৱান, অংগবস্ত্ৰ আৰু সামান্য পৰিমাণৰ নগদ ধন মাননি হিচাপে আগবঢ়োৱা হয়। এনাজৰী বৰপেটাৰ সদস্যদ্বয় ৰাজকুমাৰ দাস আৰু পুলকেশ পাঠকে আঁত ধৰা অনুষ্ঠানটোত তেখেতে কেইবাটাও গীত পৰিৱেশন কৰাৰ লগতে তেখেতৰ জীৱনৰ কিছু অনুভৱ ব্যক্ত কৰাৰ উপৰিও এনাজৰী বৰপেটাৰ সদস্য সকলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে।

শিল্পী শ্ৰীযুতা খনা  দাস বাইদেউলৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা আগবঢ়োৱাৰ মুহূৰ্ত।
08/03/2026

শিল্পী শ্ৰীযুতা খনা দাস বাইদেউলৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা আগবঢ়োৱাৰ মুহূৰ্ত।

বৰপেটা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত অনিল কুমাৰ দাসলৈ এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদানৰ মুহূৰ্ত।
05/03/2026

বৰপেটা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত অনিল কুমাৰ দাসলৈ এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদানৰ মুহূৰ্ত।

বিশিষ্ট নাট্যকাৰ, আবৃত্তিকাৰ ৰূপে স্বকীয় পৰিচয় দাঙি ধৰা নিৰ্মল দাসৰ হাতত এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদান...
05/03/2026

বিশিষ্ট নাট্যকাৰ, আবৃত্তিকাৰ ৰূপে স্বকীয় পৰিচয় দাঙি ধৰা নিৰ্মল দাসৰ হাতত এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদানৰ মুহূৰ্ত।

'অসমীয়া খবৰ' কাকতৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসলৈ এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদানৰ মুহূৰ্ত।
05/03/2026

'অসমীয়া খবৰ' কাকতৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসলৈ এনাজৰী বৰপেটাৰ দৌল সম্পৰ্কীয় পুস্তিকা প্ৰদানৰ মুহূৰ্ত।

বৰপেটা জিলা গ্ৰাহক বিবাদ নিষ্পত্তিৰ সদস্য শ্ৰীযুত জয়ন্ত কুমাৰ মিশ্ৰলৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্...
05/03/2026

বৰপেটা জিলা গ্ৰাহক বিবাদ নিষ্পত্তিৰ সদস্য শ্ৰীযুত জয়ন্ত কুমাৰ মিশ্ৰলৈ এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্ত।

Address

Barpeta
781301

Alerts

Be the first to know and let us send you an email when Enajori Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share